সংক্ষিপ্ত উদ্দেশ্য ৰাজ্যৰ চাহ বাগানৰ গৰ্ভৱতী মহিলাসকলৰ বাবে মজুৰী ক্ষতিপূৰণ আঁচনিৰ উদ্দেশ্য হ'ল গৰ্ভৱতী মহিলাসকলক সঠিক পুষ্টি আৰু সুস্বাস্থ্য প্ৰদান কৰা। নাগৰিকৰ সুবিধা প্ৰতি গৰাকী গৰ্ভৱতী মহিলাক 12,000 টকাকৈ আৰ্থিক অনুদান দিয়া হ'ব যাতে তেওঁলোকে পৰিয়ালৰ জীৱিকা নিৰ্বাহৰ লগত আপচ নকৰাৰৈ নিজৰ আৰু অনাগত শিশুৰ যত্ন ল'ব পাৰে। 60,000 হাজাৰৰ অধিক মহিলা এই আঁচনিৰ দ্বাৰা লাভাম্বিত হোৱাৰ অনুমান কৰা হৈছে।গৰ্ভৱতী মহিলাৰ মজুৰীৰ ক্ষতিপূৰণ 4টা কিস্তিত প্ৰদান কৰা হ'ব। যোগ্যতা গৰ্ভৱতী মহিলা গৰাকী অসমৰ বাসিন্দা হব লাগিব আৰু চাহ বাগানত কাম কৰা হব লাগিব। মহিলাগৰাকী BPL শ্ৰেণীৰ হব লাগিব। কেনেদৰে আবেদন কৰিব অসম চৰকাৰে এই আঁচনিৰ আবেদন প্ৰক্ৰিয়া সম্পৰ্কে একো তথ্য প্ৰকাশ কৰা নাই।