সংক্ষিপ্ত উদ্দেশ্য অসম চৰকাৰে ৰাজ্যখনৰ থলুৱা শিল্পক সহায় কৰাৰ উদ্দেশ্যে বোনেজ আঁচনি আৰম্ভ কৰিছিল। অসমৰ পৰম্পৰাগত আৰু ক্ষুদ্ৰ ছেক্টৰ অধীনত থকা উদ্যোগসমূহক সহায় কৰাটোৱেই চৰকাৰৰ লক্ষ্য। নাগৰিকৰ সুবিধা বোনেজ আঁচনিৰ ব্যৱহাৰৰ লগত ইয়াৰ বিভিন্ন সুবিধা জড়িত হৈ আছে, যিবিলাকক তলত তালিকাভুক্ত কৰা হৈছে: শিল্প উদ্যোগবোৰৰ উন্নয়ন আৰু ঔদ্যোগিক বিকাশত এই আঁচনিখনে সহায় কৰিব, বিশেষকৈ 2 টায়াৰ আৰু 3 টায়াৰ কেন্দ্ৰৰ পিছপৰা এলেকাসমূহ। কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি কৰিব, যি নেকি MSME ছেক্টৰত চাকৰি পোৱাত সহজ হ'ব আৰু ৰাজ্যৰ ব্যৱসায়িক ক্ষেত্ৰখন বিকাশ হ'ব । সুলভ মূল্যত শিল্প উদ্যোগবোৰক কেঁচামাল, পণ্য আৰু সেৱা প্ৰদান কৰা হ'ব। যুবকসকলক কৰ্মসংস্থাপন প্ৰদান কৰা প্ৰধান এন্টাৰপ্ৰাইজবোৰে সন্মুখীন হোৱা সমস্যাবিলাক নোহোৱা কৰা। যোগ্যতা অনুদান পাবলৈ হ'লে এন্টাৰপ্ৰাইজবিলাকৰ নিম্নলিখিত মানদণ্ডসমূহ থাকিব লাগিব : শিল্পৰ স্থান অসমৰ ভিতৰুৱা অঞ্চলত হ'ব লাগিব। শিল্পটো জীৱিত অৱস্থত থাকিব লাগিব আৰু কমেও দুবছৰৰ বাবে অবিছিন্নভাৱে চলি থকা হ'ব লাগিব। উৎপাদন আৰু পৰিচালনাৰ বাবে শিল্প/ ইউনিটৰ নিজা ৱৰ্কছেড থাকিব লাগিব। এই আঁচনিৰ বাবে আবেদনকাৰীৰ বয়স 18 বছৰৰ কম আৰু 50 বছৰৰ বেছি হ'ব নালাগিব। শিক্ষাগত অৰ্হতাৰ কোনো বাধ্যবাধকতা নাই। শিল্প/ইউনিটসমূহে টাৰ্ম লোণ আৰু ৱৰ্কিং কেপিটেল লোণৰ মাত্ৰা নূন্যতম 1 লাখ টকা ল'ব লাগিব। আবেদন কেনেদৰে কৰিব এই আঁচনিৰ বাবে আবেদন কৰিবলৈ আবেদনকাৰী অসমৰ সম্বন্ধিত জিলা প্ৰাধিকৰণৰ ওচৰলৈ যাব লাগিব। আকৌ সম্বন্ধিত কাৰ্যালয়ৰ পৰা আবেদন পত্ৰখন লৈ আৰু নিৰ্ধাৰিত ফৰমেটত আবেদন পত্ৰ পূৰাব লাগিব। আবেদনকাৰীয়ে কোনো ভূল নোহোৱাকৈ সঠিক বিৱৰণ দি আবেদন পত্ৰ পূৰাব লাগিব। আবেদন কৰাৰ পাছত, আবেদনকাৰীয়ে আবেদন পত্ৰৰ লগত থকা চেকলিষ্ট অনুসৰি নথি জমা দিব লাগিব। আবেদনকাৰীয়ে আবেদন পত্ৰ জিলা সম্বন্ধিত মহাপ্ৰৱন্ধক, জিলা উদ্যোগ আৰু বানিজ্য কেন্দ্ৰ (DICC) ত জমা দিব লাগিব। আবেদন পত্ৰ জমা দিয়াৰ কাৰণে কোনো মাচুল লোৱা নহয়। আবেদন পত্ৰ পোৱাৰ পিছত ডি.আই.চি.চি ()য়ে আবেদন পত্ৰ চালিজাৰি চাব, যদি প্ৰয়োজন হয় তেওঁলোকে আবেদন পত্ৰৰ ফিডিকেল ভেৰিফিকেচন কৰিব। আৱশ্যকীয় সত্যাসত্য পূৰা হোৱাৰ পিছত, আঁচনি ৰূপায়ণ কৰা জিলা স্তৰৰ কমিটিৰ (DCL)আগত প্ৰস্তাৱটো অনুমোদনৰ বাবে দিয়া হ'ব। ডি.এল.চি ৰ পৰা অনুমোদন পোৱাৰ পিছত নাম, সহায়ৰ পৰিমাণ, বেংকৰ নাম, একাউন্টৰ নাম আদি থকা ষ্টেষ্টমেন্ট, সম্বন্ধিত ডি.আই.চি.চি (DICC) ৰ পৰা ফাণ্ড আৱন্টৰ বাবে কমিচনাৰেট অফ ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ বিভাগলৈ পঠোৱা হ'ব। ডি.আই.চি.চি ৰ পৰা ফাণ্ড পোৱাৰ পিছত বা বেংকৰ যোগেদি হিতাধিকাৰীৰ একাউন্টত ধনৰাশী ট্ৰেন্সফাৰ হোৱাৰ পিছত, ডি.আই.চি.চি য়ে ফাণ্ড পোৱাৰ 30 দিনৰ ভিতৰত উপযোগিতা প্ৰমাণপত্ৰ প্ৰস্তুত কৰিব। কাৰ লগত যোগাযোগ কৰিব(ৰাজ্য/জিলাস্তৰত আঁচনি ৰূপায়ণ কৰা প্ৰতিষ্ঠান) জিলা পৰ্যায়ৰ সেৱা প্ৰাধিকৰণ ইয়াৰ সুবিধা ল'বৰ বাবে প্ৰয়োজনীয় কাগজপত্ৰৰ চেকলিষ্ট তলত দিয়া হৈছে: পাচপৰ্ট চাইজৰ একপি ফটো। উদ্যোগ পঞ্জীয়ন কৰা নথিপত্ৰ। পৰিচয় পত্ৰ: পেন কাৰ্ড, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, ভোটাৰ কাৰ্ড ইত্যাদি। এড্ৰেছ প্ৰুফ: আধাৰ, পাচপৰ্ট, উপযোগিতা বিল, সম্পত্তি কৰ বিল ইত্যাদি। কাষ্ট চাৰ্টিফিকেট, যিসকলক প্ৰয়োজন হয়। প্ৰশিক্ষণ প্ৰমাণপত্ৰ, যদি আছে। বেংকৰ পাছবুকৰ প্ৰথম পৃষ্ঠাৰ ফটোকপি । আন কোনো প্ৰয়োজনীয় কাগজ-পত্ৰ (যদিহে আৱশ্যক হয়) আবেদনৰ বাবে লিংক Boneej Scheme অতিৰিক্ত তথ্য অসমৰ থলুৱা উদ্যোগ অসমত থকা থলুৱা উদ্যোগবোৰৰ এখন তালিকা তলত দিয়া হৈছে- ব্ৰাছ মেটেল বেল মেটা বেত আৰু বাঁহৰ উদ্যোগ জুট শিল্প ৱাটাৰ হায়াচিন্থ্ শীতল পাটি সোন আৰু ৰূপৰ সাজ গঢ়া লোক (সোনাৰী) মাটিৰ বাছন/ টেৰাকোটা কমাৰ শিল্প কাঠত নক্সা তৈয়াৰ কৰা শিল্প আতচবাজী শিল্প বাদ্যযন্ত্ৰ আলংকাৰিক মমৰ শিল্প জাপি শিল্প মুখা শিল্প বেগ বনোৱা, ফোল্ডাৰ বনোৱা বেকাৰী, পাপৰ, নুডেলছ্, পৰম্পাৰগত খাদ্য, চাটনি, ফলৰ ৰস আদি প্ৰস্তুত কৰা উদ্যোগ। বাঁহৰ পৰা ধুপকাঠী বনোৱা শিল্প ধুপ/অগৰৱতী