সংক্ষিপ্ত উদ্দেশ্য কন্যা শিশু সুৰক্ষা আইনৰ লক্ষ্য হল চৰকাৰৰ ফালৰ পৰা প্ৰত্যক্ষ বিনিয়োগৰ দ্বাৰা কন্যা শিশুৰ ক্ষমতা আৰু অধিকাৰ ৰক্ষা কৰা। লিঙ্গ বৈষম্য প্ৰতিৰোধ কৰা। এই আঁচনিখন তামিলনাডুত কাৰ্যকাৰী হৈছে। সুবিধা আঁচনি- I Scheme-I 01/08/2011 তাৰিখ বা তাৰ পিছত জন্মগ্ৰহণ পৰিয়ালৰ একমাত্ৰ কৰা কন্যা শিশুৰ নামত তামিলনাডু পাৱাৰ ফাইনেন্স এণ্ড ইনফাষ্ট্ৰাক্সাৰ ডেভেলপমেন্ট কৰপোৰেচন লিমিটেডে 50,000 টকাৰ ফিক্স ডিপজিত কৰে। ফিক্স ডিপজিত কপিটো কন্যা শিশুৰ পৰিয়ালক গতাই দিয়া হয়। আঁচনি- II Scheme-II দুজনী কন্যা শিশু থকা পৰিয়ালৰ কন্যা শিশুৰ নামত তামিলনাডু পাৱাৰ ফাইনেন্স এণ্ড ইনফাষ্ট্ৰাক্সাৰ ডেভেলপমেন্ট কৰপোৰেচন লিমিটেডে 25,000 টকাৰ ফিক্স ডিপজিত কৰে। ফিক্স ডিপজিত কপিটো কন্যা শিশুৰ পৰিয়ালক গতাই দিয়া হয়। শিক্ষা ব্যয়ৰ বাবে শিশুটিৰ 6 বছৰ হোৱাৰ পাছৰ পৰা বাৰ্ষিক 1800 টকাকৈ ইনটেনচিভ দিয়া হয়। উপৰোক্ত ডিপজিত প্ৰতি পাঁচ বছৰে ৰিনিউ কৰা হয় আৰু 18 বছপ পূৰ্ণ হলে সূদৰ সৈতে জমাক-ত ধনৰ পৰিমান কন্যা শিশুটিক দিয়া হয়। এই সুবিধা পাবৰ বাবে কন্যা শিশুটি দশম মানৰ পাব্লিক পৰীক্ষাত অংশ গ্ৰহণ কৰা হব লাগিব। 2013-14 চনৰ পৰা, বিবাহ সহায়তা আঁচনিৰ অধীনত প্ৰদান কৰা প্ৰদত্ত সুবিধাসমূহ 1992 চনৰ পৰা 1995 চনলৈকে নথিভুক্ত কৰা কন্যা শিশুৰ সুৰক্ষা আঁচনিৰ অধীনত হিতাধিকাৰীৰ বাবে প্ৰসাৰিত কৰা হৈছে। যোগ্যতা বাৰ্ষিক আয়ৰ সীমা 72000/- হব লাগিব। কন্যা শিশু থকা পিতৃ-মাতৃ দুজনৰ পুত্ৰ সন্তান থাকিব নালাগিব। কন্যা শিশুটি কোনো শিক্ষামূলক অনুষ্ঠানত ভৰ্ত্তি হ'ব লাগিব আৰু অবিবাহিতা হ'ব লাগিব। কেনেদৰে আবেদন কৰিব নাগৰিক কলে ই-সেৱাৰ মাধ্যমেৰে আবেদন কৰিব পাৰে বা জিলা সমাজ কল্যান কাৰ্যালয়ত গৈ খবৰ কৰিব পাৰে। অধিক তথ্য জানিবৰ বাবে, click here